পৃষ্ঠা:গুৰুচৰিত.djvu/৪৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫০
গুৰু-চৰিত

শঙ্কৰৰ আগে দুধ দিয়ন্ত খীৰিসা।
ভুঞ্জিলেক ভকতসকলে এৰাই তৃষ্ণা॥২০৯৮
এহিমতে তৈতে যেবে যাত্ৰী ৰহি আছে।
শুনিয়োক যেন কথা ভৈল তাত পাচে॥
কৃষ্ণক দেখিয়া যেন গোপ-গোপীগণ।
এৰন্তে সহস্ৰ যুগ যাই একক্ষণ॥ ২০৯৯
সেহিমতে গোকুলবাসীয়ো নেৰে লাগ।
তেসম্বো বোলয় আমাসাৰ কিনো ভাগ॥
ভুঞ্জি খাই আনন্দে আছন্ত যেবে শুতি।
শঙ্কৰৰ ৰূপ যেন পুৰন্দৰ দ্যোতি॥২১০০০
তিনিয়ো ভকতে যেবে আলোচিয়া আছে।
মনে মনে সৰ্ব্বজয় বুলিলেক পাচে॥
এন্তে কৃষ্ণ আপোনাৰ পাইলে নিজ থান।
ধৰিবেক নিজৰূপ দেখিয়ো প্ৰমাণ॥ ২১০১
তিনিয়ো আছন্ত বসি নিদ্ৰা নকৰিয়া।
সেহি ৰাত্ৰি গোপ-গোপী মিলিল আসিয়া॥
শঙ্কৰক আৱৰি সবেয়ো বসি আছে।
কৃপা কৰি নিজৰূপ ধৰিলেক পাচে॥২১০২
পুৰাতন ভৃত্যৰ আগত ৰূপ ধৰি।
তিনিয়ো ভকতে চাই আছে দৃষ্টি কৰি॥
নৱমেঘ সদৃশ শৰীৰ প্ৰকাশয়।
ৰুচিকৰ কৰ্ণে দুই কুণ্ডল দোলয়॥ ২১০৩