পৃষ্ঠা:গুৰুচৰিত.djvu/৪৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪৯
তৃতীয় খণ্ড

গোকুলবাসীৰ পাছে মহিমাক দেখি।
সিটো খান হন্তে মন নযায় উপেখি॥
শূন্য নোহে থান তাত আছে লোকচয়।
দেখিলেক সবাকে শঙ্কৰ কৃপাময়॥২০৯৩
শঙ্কৰক পায়া যেন দেখিলে কৃষ্ণক।
গোপ-গোপীসকলে তেখনে বেঢ়িলেক॥
আপোনাৰ যেন সবে পাইলে নিজ নাথ।
শঙ্কৰক সবেয়ো বন্দিলা নমাই মাথ॥ ২০৯৪
নিজ নাথ পাই তৰিবাক নপাৰত।
নিজ দাস বংশ জানি শঙ্কৰে বোলন্ত॥
তিনিয়ো ভক্তৰ দেখি হৰিষ বিস্তৰ।
কিনো কৃপাময় এন্তে শ্ৰীমন্ত শঙ্কৰ॥২০৯৫
কোটি কোটি পুৰুষে নপাই দেখিবাক।
কিনো ভাগ্য ভৈল আবে দেখাই আমাক॥
নন্দৰ মন্দিৰ মাধৱৰ ক্ৰীড়া স্থান।
দেখিয়া সবাৰো তাতে মগ্ন ভৈল প্ৰাণ॥২০৯৬
মধৱৰ খোজচয় আছে ঠাই ঠাই।
দেখি সমস্তৰে আনন্দৰ সীমা নাই॥
দণ্ডৱতে পৰি তাৰ ধুলি লৈলা মাথে।
যৈত ক্ৰীড়া কৰিলন্ত প্ৰভু যদুনাথে॥ ২০৯৭
গোকুলবাসীৰ যত আছে লোকজন।
শঙ্কৰক দেখিয়া সবাৰ ৰঙ্গমন॥