পৃষ্ঠা:গুৰুচৰিত.djvu/৪৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫১
তৃতীয় খণ্ড

ৰক্তবৰ্ণ দুই নেত্ৰ দেখিতে সুন্দৰ।
পদ্ম সম কৰে শোভা অৰুণ অধৰ॥
গলে বৈজয়ন্তী মালা কৰন্ত প্ৰকাশ।
দৰশনে পাপীৰ পাপক কৰে নাশ॥ ২১০৪
অৰুণ চৰণে যেন নৱ পদ্মকোষ।
ভকত জনৰ দেখি পৰম সন্তোষ॥
দেখিয়া সবাৰো মনে মিলিল বিস্ময়।
তিনিয়ো ভকতে মনে মনে আলোচয়॥ ২১০৫
প্ৰেমত চক্ষুৰ লোহ পৰে সৰসৰি।
তিনিয়ো ভকতে প্ৰণামিলা পাৱে পৰি॥
তিনিকো দেখিয়া পাচে অন্তৰ্দ্ধান ভৈলা।
পুনৰপি নিজৰূপে শঙ্কৰেয়ো হৈলা॥ ২১০৬
তিনিয়ো দেখন্তে তৈত গোপ-গোপী নাই।
সৰ্ব্বজয়ে বোলে এন্তে প্ৰাণৰ গোসাই॥
তোমাৰ মায়ায়ে মোক মোহিতে নপাৰে।
কোনে বুজিবাক পাৰে মহিমা তোমাৰে॥ ২১০৭
কোন ভাগ্যবশে তুমি হেন গুৰু পাইলো।
নিচিনিয়া তভো পাপী দুই চক্ষু খাইলো॥
চলিয়োক বাপ আবে যাওঁ বৃন্দাবন।
দেখো মাধৱৰ থান পৰম শোভন॥ ২১০৮
প্ৰাতসে শঙ্কৰে বৃন্দাবনক পৰিল।
দেখিয়া কৃষ্ণৰ খোজ তিনিয়ো পৰিল॥