সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৪৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৫
তৃতীয় খণ্ড

তোমাৰ চৰণ এৰি নাৰায়ণ
 নাহিকে মোৰ সুহৃদ।
চৰণৰ ছায়া দিয়া খণ্ডা মায়া
 তযু পদ অৰবিন্দ॥
এহি স্তুতি নতি কৰিয়া সম্প্ৰতি
 দিলা ভোজনৰ সাজ।
ঘৃত চিনিচয় দিলা মহাশয়
 কৰিলা ভোজন কাজ॥২০২৫
প্ৰভাততে পাচে লৰিলা শঙ্কৰ
 দুই ভায়ো এৰিলা ঘৰ।
ৰূপৰ যে ভাৰ্য্যা পৰমা সুন্দৰী
 কৰন্ত বহু কাতৰ॥
মোক লগে নিয়া নযাইবা এৰিয়া
 তুমি মোৰ নিজস্বামী।
মই পতিব্ৰতা তযু বিবাহিতা।
 আনক নজানো আমি॥২০২৬
কৰি চোৱা মনে পূৰ্ব্বে নিজ থানে
 মোহোক পৰীক্ষা কৈলা।
বৎসৰ তেহ্ণকে আসি নিজ থানে
 মোক তুমি এৰি গৈলা।
তযু ভাই সমে বহিলো নিয়মে
 স্তুতিছিলো এক সংগে।