পৃষ্ঠা:গুৰুচৰিত.djvu/৪৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৪
গুৰু-চৰিত

কিবা ধৰ্ম্মে তোৰা সকলে আচৰা
 কৈয়ো মোক সাঞ্চে সাঞ্চে॥২০২২
ৰূপে বোলে চাই কি কৈবো গোসাই
 তুমি জগতৰ নাথ।
ছদ্মৰূপ ধৰি আসিছা শ্ৰীহৰি
 নকৰা মোক অনাথ॥
তুমি নিৰাকাৰ সুহৃদ আমাৰ
 আমি তযু অংশচয়।
নানান দেশক ভক্তি কহিবাক
 পাঞ্চি আছ কৃপাময়॥২০২৩
নাম কৰ্ম্ম বিনে আন কোনজনে
 কহিতে আন ভকতি।
হে যদুদেৱ পাৱে কৰো সেৱ
 তুমি মোৰ নিজ গতি॥
একে নামধৰ্ম্ম আনি নাহি কৰ্ম্ম
 কহিছো এক শৰণ॥
তযু আজ্ঞাচয় ধৰি কৃপাময়
 কহিলো নিজ বচন॥২০২৪
শুনিয়া শঙ্কৰে পুছিলা সাদৰে
 তোমাসাৰ আগে কোন।
ৰূপে বোলে যাই আন একো নাই
 তুমিসে প্ৰভু নিপুণ॥