পৃষ্ঠা:গুৰুচৰিত.djvu/৪৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৬
গুৰু-চৰিত

-
অগ্নিত পেহ্লাই পৰীক্ষা কৰিলা
 প্ৰবেশিলো অগ্নি সঙ্গে॥২০২৭
জানি দাসী বুলি নিয়োক সমূলি
 তোমাৰ আমি কিঙ্কৰী৷
তাহান বচন শুনিয়া তেখনে
 মাতিলা শঙ্কৰ হৰি॥
আনা এহি কন্যা এন্তে মহা ধন্যা
 শান্তী মাজে অগ্ৰগণী।
ৰঙ্গ ছয়া চাই আসিবে দুনাই
 মাতিলন্ত হেন শুনি॥২০২৮
আসোক বুলিয়া তান নিজ জায়া
 পাচে লগ কৰি নিলা।
পৰম কৌতুকে শ্ৰীমন্ত শঙ্কৰে
 উত্তম তীৰ্থ দেখিলা॥
শুনা সভাসদ হুয়া নিশৱদ
 শঙ্কৰ চৰিত্ৰ কথা।
বিষয় বাসনা দূৰ কৰি জানা
 গুৰুত ভজা সৰ্ব্বথা॥২০২৯
মই অজ্ঞানৰ ক্ষমিয়ো শঙ্কৰ
 বঢ়া টুটা যত দোষ।
তোমাৰ সেৱক বুলি নাৰায়ণ
 নকৰিবা অসন্তোষ॥