পৃষ্ঠা:গুৰুচৰিত.djvu/৪৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২২
গুৰু-চৰিত

প্ৰণামিলা পৰি যাত্ৰীসব মহামতি।
জগন্নাথ চাহি আছে তাহাক সম্প্ৰতি॥১৯৭১
বলভদ্ৰ জগন্নাথ সুভদ্ৰা যেন নাম।
একচিত্ত মনে কৈলা কৰিয়া নিয়ম॥
বিচিত্ৰ পুষ্পৰ মালা শহুৰৰ মাথে।
পৰম কৌতুকে তাঙ্ক দিলা জগন্নাথে॥১৯৭২
জগন্নাথ দিলে কোনজনে নেদেখিল।
দেখে মালা শঙ্কৰৰ মাথাত চড়িল॥
একেলগে আছে সবে হস্তে জানু পাৰি।
শঙ্কৰৰ প্ৰভাৱক বুলিতে নাপাৰি॥১৯৭৩
যাত্ৰী বোলে মালা আগে জগন্নাথ শিৰে।
আবে দেখো প্ৰকাশয় শঙ্কৰৰ শিৰে॥
জানিলো নাহিকা এন্তে নিশ্চয় মানুষ।
জগতৰ আত্মা এন্তে পৰম পুৰুষ॥১৯৭৪
এহি বুলি সৰ্ব্বলোকে কৰে কাণাকানি।
আন শৰীৰৰ তেজে মুখে লাগে ধ্বনি॥
এহি বুলি সবেয়ো নিজম পৰি আছে।
আত অনন্তৰে শুনা যেন ভৈলা পাচে॥ ১৯৭৫
চান্দমুখ নিৰেখি আছয় সৰ্ব্বজন।
বহয় লোতক দাৰুব্ৰহ্মৰ সঘন॥
দেখি শঙ্কৰৰ লোতকৰ ছেদ নাই।
পূৰ্ণব্ৰহ্ম অংশে এৰে ভৈলা একঠাই॥১৯৭৬