সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৪৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২১
তৃতীয় খণ্ড

মাৰ্জ্জাৰীৰ ৰূপ ধৰি আমি শেষ খাইলো।
অমৃততোধিক স্বাদ তাত আমি পাইলো॥
এহি বুলি জগন্নাথ অন্তৰ্দ্ধান ভৈলা।
তিনিয়ো চেতন লভি শঙ্কৰক কৈলা॥১৯৬৬
ইসব কথাক আবে এহিমানে থওঁ৷
প্ৰাতসতে যেন ভৈলা শুনা তাক কওঁ॥
শঙ্কৰে বোলন্ত যাত্ৰী সবে কৰা স্নান।
তেবেসে যাইবাক পাইবা মাধৱৰ থান॥১৯৬৭
হেন শুনি সবে হন্তে স্নান কৰিলন্ত।
শঙ্কৰে সহিতে সবে ক্ষেত্ৰক গৈলন্ত॥
প্ৰথমতে দেৱগৃহ পশিলা শঙ্কৰে।
যাত্ৰীক চাহিয়া বোলে শুনা সবে নৰে॥১৯৬৮
লগাইবাক প্ৰতি যিবা বস্তু আছা আনি।
যত্ন কৰি তাহাক লয়োক সবে প্ৰাণী॥
হেন শুনি সবে প্ৰাণী বিত্ত টকা লৈল।
কন্দলীক আগ কৰি সবে লোক গৈল॥১৯৬৯
দৌলক দেখিয়া পাচে শ্ৰীমন্ত শঙ্কৰ।
নগৈলেক কেহো ভোগ মণ্ডপ ভিতৰ॥
প্ৰথমে দৌলত ভ্ৰমে সাত পাক ফুৰি।
প্ৰদক্ষিণ কৰি প্ৰণামন্ত পৰি পৰি॥১৯৭০
পাচে ভোগ মণ্ডপৰ পশিল ভিতৰ।
চান্দমুখ দৰ্শন ভৈলন্ত শঙ্কৰ॥