পৃষ্ঠা:গুৰুচৰিত.djvu/৪৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২৩
তৃতীয় খণ্ড

দেখি সবে যাত্ৰী লোকে কৰে কাণাকাণি।
উঠিলা শঙ্কৰ জগতৰ শিৰোমণি॥
অন্তৰে নপশিলা বাহিৰে আসিলা৷
পৰি আছে শালগ্ৰাম বুলি নবন্দিলা॥১৯৭৭
বাহিৰত সাতবাৰ কৰি প্ৰদক্ষিণ৷
বন্দিলা শঙ্কৰে দেখাই মনুষ্যৰ চিন॥
ইসব কথাত কিছু দোষ নধৰিবা৷
শালগ্ৰাম ঈশ্বৰৰ আশয় বুজিবা॥১৯৭৮
গণ্ডৱতী নামে পূৰ্ব্বে আছিল ব্ৰাহ্মণী৷
বৰ লৈয়া তেন্তে নদী ভৈলেক আপুনি॥
আকাশী বচন শুনি তনয় মাগিল৷
হেন শুনি পাচে তাইক হৰি বৰ দিল॥১৯৭৯
গণ্ডকিনী নামে নদী হৈবি যাই তই৷
শালগ্ৰাম শিলা হুয়া জন্মিবোহো মই॥
আৰো বহুতৰ শিলা অংশ ৰূপ হুইব৷
বজ্ৰ কীট পোকা হুইয়া অসুৰে ভক্ষিব॥১৯৮০
ৰূপ মূৰ্ত্তি হুইব ঈশ্বৰ শকতি৷
তাতে মাত্ৰ পূজি লোকে লভিবেক গতি॥
সামান্য ব্ৰাহ্মণে তাক পূজিবে নপাই।
যিটো ব্ৰাহ্মণৰ পিতৃ-মাতৃ হানি নাই॥১৯৮১
ভাৰ্য্যা পুত্ৰ বন্ধুগণ সমস্তে বহিব।
কেশো নপকিব তাৰ নখো নমৰিব॥