পৃষ্ঠা:গুৰুচৰিত.djvu/৪২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৮
গুৰু-চৰিত

মনুষ্য মুহিকে এন্তে নন্দৰ কুমাৰ৷
এহি বুলি প্ৰশংসা কৰয় বাৰে বাৰ॥ ১৮৯৪
শঙ্কৰ বোলন্ত খৰি কিনি আনিয়োক।
নদীৰ কুলত চিতাখান সাজিয়োক॥
হেন শুনি ভক্তে টকা দিয়া খৰি কিনি।
শঙ্কৰে সজাইল চিতাখানক আপুনি॥১৮৯৫
কৃপালু শঙ্কৰে সৰ্ব্বজয়ক পাঞ্চিল।
দুই হাতে ধৰি তেন্তে চিতাত তুলিল॥
জল উছৰ্গিয়া শৱ শান্তি কৰিলন্ত।
সৰ্ব্বজয় আতৈ মুখাগ্নিক কৰিলন্ত॥ ১৮৯৬
খোচনি ধৰিয়া তেন্তে দহিল শৰীৰ।
বুঢ়ীক পুৰিলা সৰ্ব্বজয় মহাধীৰ॥
একশত টকা বান্টি দিলা সমস্তক।
আৰ একশত দিলা আতৈ সৰ্ব্বজয়ক॥১৮৯৭
সৰ্ব্বজয় বোলে মোক নলাগয় আক।
ইয়ো শত টকা বাণ্টি দিয়োক সবাক॥
কোনবা জন্মৰ মোৰ আছে মহাভাগ।
শুদ্ধ ৰম্ভ বুঢ়ীক পুৰিবে পাইলো লাগ॥১৮৯৮
হেন শুনি সিয়ো শত টকা বাণ্টি দিল।
প্ৰাতসতে ক্ষেত্ৰ লাগি শঙ্কৰে লৰিল॥
সিদিনাক প্ৰতি কোনো গাওঁ নপাইলেক।
অৰণ্যৰ মধ্যে সবে যাত্ৰী বহিলেক॥১৮৯৯