এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৯
তৃতীয় খণ্ড
সবে বোলে আমি কিছো খাইবে নাহিকয়।
নিৰাহাৰে থাকিবাক লাগিবে নিশ্চয়॥
এহি বুলি সব লোক তথা বহি আছে।
শুনিয়োক যেন কথা ভৈল তাত পাচে॥১৯০০
আসিলা পুৰুষ এক পৰম সুন্দৰ।
জ্বলয় শৰীৰ যেন সূৰ্য্য শশধৰ॥
তান লগে আসিলেক বহুতৰ লোক।
সবে সাজ দ্ৰব্য আনি তৈতে মিলাইলেক॥১৯০১
শুতি আছে ভক্তগণে নশাৱে চেতন।
সৰ্ব্বজয় বলৰাম জানে দুয়োজন॥
ৰামৰাম গুৰুক চিমিটি জগাইলেক।
কণাকাণি কৰিয়া তিনিয়ো বসিলেক॥১৯০২
শঙ্কৰে বোলন্ত যাত্ৰীসবে উঠিয়োক।
আছে আন সাজ তোৰা সবে ভূঞ্জিয়োক॥
শুনি যাত্ৰাসবে উঠিলন্ত চেষ্টা পাই।
বোলে কোনজনে দিলা সাজক মিলাই॥১৯০৩
শঙ্কৰে বোলন্ত মই আনিলো কিনিয়া।
আপুনাৰ গাখিৰ এগুটি টকা দিয়া॥
হেন শুনি যাত্ৰীসবে কৰিলা ভোজন।
দেখি শঙ্কৰৰ ভৈলা আনন্দিত মন॥ ১৯০৪
গুৰু বোলে ইটো সাজ কৈত আৰ্জ্জিলাহা।
কিনো ভাগ্য অৰণ্যত পসাৰী পাইলাহা॥