পৃষ্ঠা:গুৰুচৰিত.djvu/৪২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৭
তৃতীয় খণ্ড

পঞ্চশত দূপ এক সেৰ স্বৰ্ণহাৰ।
গণি গণি লেখি বিত্ত নিলা আপুনাৰ॥
শঙ্কৰে বোলন্ত বুঢ়ী যাহা নিজ ঠাই।
স্নান কৰিবাক লাগি যাত্ৰী আহে চাই॥ ১৮৮৯
গাৱ ধুই আসি বুঢ়ী পিন্ধি শুক্লশাৰী।
শঙ্কৰক প্ৰণাম কৰিয়া জানু পাৰি॥
নমস্কাৰ কৰি পুনু গৈলা পাচগুচি।
ক্ষেত্ৰক যাইবাৰ কথা শঙ্কৰক পুছি॥ ১৮৯০
যৈসানি যাইবাহা বাপ কহিয়োক নাথ।
বন্দো তযু চৰণত আবে নমাই মাথ॥
হে বহুপতি মোৰ নেৰিয়ো চৰণে।
মই মহা পতিতক ৰাখা নাৰায়ণে॥ ১৮৯১
এহি বুলি বুঢ়ী সাতবাৰ প্ৰণামিলা।
আসন ভিৰিয়া ৰৈল সমস্তে দেখিলা॥
শঙ্কৰ শঙ্কৰ বুলি দিয়া দীৰ্ঘ উকি।
নমাতিয়া ৰৈল পাচে থমকি নিচুকি॥ ১৮৯২
শ্ৰীকৃষ্ণ শঙ্কৰ বুলি মেলিলেক মুখ।
বৈকুণ্ঠপুৰত গৈয়া পাইলা মহাসুখ॥
বলৰাম সৰ্ব্বজয় মহেন্দ্ৰ কন্দলী।
ৰামৰাম আদি কৰি হাসে খলখলি॥১৮৯৩
জয় জয় শঙ্কৰৰ অদ্ভুত কিনো গতি।
আনো নিষ্টে আইল এন্তে জগতৰ পতি॥