পৃষ্ঠা:গুৰুচৰিত.djvu/৪১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৭
গুৰু-চৰিত

ব্ৰাহ্মণ বৰণ অগ্নি বৰণক কৈল।
তাম্ৰ খাল ভৰি পূৰ্ণপাত্ৰ সাজি খৈল॥
প্ৰথমতে কুশণ্ডীক গুৰুৱে কৰাই।
দিলা হোমচয় তেৱে ৰঙ্গে বিধি চাই॥১৮৩৪
এক জোৰা বস্ত্ৰ প্ৰথমতে আনি দিলা।
পাটৰ পামৰি আনি গাৱত উৰাইলা॥
কটি মধ্যে সুৰ পিন্ধাইলা পাট ভুনি।
সুৱৰ্ণৰ আঙ্গুঠিক পিন্ধাইলা আপুনি॥১৮৩৫
বিবাহৰ ঘোম যেবে সাঙ্গ কৰি পাচে।
নব গোটা গৰু আনি দিলা তাৰ কাছে॥
অনন্ত কন্দলী তেন্তে বৰ বিপ্ৰবৰ॥
একহাল বৃষভক দিল ডাঙ্গৰ॥১৮৩৬
জীউৰ বিবাহে আনো বিপ্ৰগণ ভূষি।
আন বন্ধুসকলক পঠাইলন্ত তুষি॥
শঙ্কৰে বোলন্ত বাপু শুনিয়ো জমাই।
একগুটী জীউ মোৰ পুত্ৰ আন নাই॥১৮৩৭
তুমি যে আমাৰ পুত্ৰ থাকা মোৰ ঘৰে।
যতেক সৰ্বস্ব আছে সবেয়ো তোমাৰে॥
আমি যাইবো ক্ষেত্ৰে তুমি থাকা ভ্ৰাতৃ সমে।
গৰু মহিষক পালিবাহা অনুক্ৰমে॥১৮৩৮
শুনিয়োক আতৈসব বচন আমাৰ।
তোমাসবে চৰ্চ্চিবাহা যত ৰাজ্যভাৰ॥