সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৪১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৮
গুৰু-চৰিত

মাধৱী খুড়াই তুমি মাৱক পালিবা।
বুঢ়াখা গোসাই ভাইক সৎবুদ্ধি দিবা॥১৮৩৯
উৱনা বনৰা তোৰা দুই ঘৰ বুঢ়া।
কৰিবাহা ভঙ্গ তোৰা সতানন্দ খুড়া॥
সবাকে পালিবা তোৰা সবে তুমি ছোট।
সবাহনে সখা আছে ইটো বুঢ়ী গোট॥১৮৪০
কৰিবাহা প্ৰতিপাল তোৰাৰেসে শাশু।
কৰিলো গমন মই ভৈলো পৰবাসু॥
শুনিয়োক কহে কথা চান্দেৰী মাধই।
সৰ্ব্বদায়ে মনুক ফুৰিবি কোলে লই॥১৮৪১
শুনা কৰ্ণপূৰ আবে গুৰু চতুৰ্ভুজ।
পিতৃৰ মাতৃৰ কাৰ্য্য কৰাইবা নিৰুজ॥
শুনিয়োক কথা আবে ভাই বনগঞা।
শ্ৰাদ্ধক কৰিবা যদি মোক থাকে দয়া॥১৮৪২
মহেন্দ্ৰ কন্দলী গুৰু পঠাইলন্ত মাতি।
শুনিল মাত্ৰকে গুৰু শীঘ্ৰে গৈল আতি॥
গুৰু বোলে কি কাৰ্য্যত মাতিলা শঙ্কৰ।
তাহান বচন শুনি দিলন্ত উত্তৰ॥১৮৪৩
ক্ষেত্ৰক যাইবাক চাওঁ দিয়োক বিদায়।
পিতৃ মাতৃৰ পিণ্ড লগাইবোহো যায়॥
কন্দলী বোলন্ত তুমি মোক লগে নিয়া।
পুৰুষৰ ভাগ্য হৌক মোক ভেটাই দিয়া॥১৮৪৪