পৃষ্ঠা:গুৰুচৰিত.djvu/৪১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৬
গুৰু-চৰিত

পদ্ম চন্দ্ৰ সূৰ্য্য নাক মণ্ডলক গুৰু দিন।
সৰ্ব্বভদ্ৰ মণ্ডলক শঙ্কৰে কহিল॥১৮২৮
সিটো মণ্ডলক দিলে কিছু দোষ নাই।
শঙ্কৰে মণ্ডলগোট দিলন্ত দেখায়॥
ত্ৰিভুৱনে নাহি গম ইটো মণ্ডলৰ।
সবে দেৱ তুষ্ট হোৱে যত চৰাচৰ।॥১৮২৯
অগ্নিৰ অষ্টম জিহ্বা পত্ৰে লিখিলন্ত।
মণ্ডলৰ সমীপত তাহাক থৈলন্ত॥
ৰাত্ৰি যিবা জিহ্বাত কৰিব লাগে হোম।
কৰণ্ডী ভৰিয়া থৈলা আছন্ত কুসুম॥১৮৩০
পঞ্চ সেৰ ঘৃত দূৰ্ব্বাৰ তুলসীক আনি।
তাম্ৰ চাৰি গোটা ঘটে লৈয়া আহে পানী॥
অনন্ত কন্দলী ৰত্ন পাঠক আসিলা।
গুৰু লজ্জা কৰিবাক মনে আলোচিলা॥১৮৩১
শঙ্কৰৰ পুৰোহিত পণ্ডিত যিমান।
তাঙ্ক লজ্জা কৰি শঙ্কৰৰ গণ্ড মান॥
এহি বুলি সমস্তে আসিল গুষ্টি কৰি।
ৰামৰাম গুৰু দেখে স্ৰুৱ আছে ধৰি॥১৮৩২
লাজাদি প্ৰায়শ্চিত্ত হোম দুইকো গুৰু দিলা।
প্ৰথমতে হোমণ্ডিক আনন্দে কৰাইলা॥
ধৰিবেক চাৰি তথা দিয়া আছে চাই।
আছন্ত কন্দলী যেন মত্তসিংহ প্ৰায়॥১৮৩০