পৃষ্ঠা:গুৰুচৰিত.djvu/৪০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৮
গুৰু-চৰিত

জড়া কাহি বেলা আৰো সুৱৰ্ণৰ দান।
ৰজতকো উছৰ্গিলা তিনি তোলা মান॥১৭৮৪
তামৰ কৰণ্ডী জাপী লাঠি সুৱৰ্ণৰ।
চাৰিডাল সজাইন্ত ফোফোলা ভিতৰ॥
শুনা পিতামহগণ আমাৰ বচন।
তিনিখান দ্বাৰে দান দিয়া তিনি জন॥১৭৮৫
বুঢ়াখা থেসাই তুমি নিয়া এক দ্বাৰে।
যথাযোগ্য দিবা মন পুৰিয়া সবাৰে॥
পাঞ্চশত টকা সোণা দিলা তোলা যাঠি।
দানৰ জানিবা কিছু নাথাকিল ঘাটি॥১৭৮৬
পাঞ্চশত গৰু দান দিলা সিবেলাত।
কৰে আশীৰ্ব্বাদ যত বিপ্ৰ অসংখ্যাত।
জয় জয় শঙ্কৰ বুলিয়া প্ৰশংসিলা।
ব্ৰাহ্মণসকল নিজ থানক চলিলা॥১৭৮৭
আৰো দিনা শঙ্কৰে জ্ঞাতিক দিলা ভাত।
বাৰভূঞা সমে লোক আইলা অসংখ্যাত॥
কৰিলা ভোজন ভাত যত ভূঞাগণ।
শঙ্কৰেয়ো সমস্তকে দিয়াইলা বসন॥১৭৮৮
যাৰ যেন যোগ্য তাৰ ভাৱে ভাৱে দিল।
সতকাৰ পায়া ভূঞা সমন্তে চলিল॥
ইসব কথাক আৰে থৈলোহো সংহৰি।
শুনা বৰদোৱা বিল ভৈল যেন কৰি॥১৭৮৯