পৃষ্ঠা:গুৰুচৰিত.djvu/৪০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৯
তৃতীয় খণ্ড

বসিলেক যথা তথা ভুঞা যতমানে।
পানী খাইবে নপাই সৰে দুখ কৰে মনে॥
আলোচিয়া মাতিলন্ত সবে ভক্তগণে।
নাহিকয় পানী আমি বাঞ্চিবো কেমনে॥১৭৯০
শঙ্কৰে বোলন্ত আবে শুনা ভক্তচয়৷
আজি নিশাভাগে জল লভিব নিশ্চয়।
হবিষ্যায় কৰি ভক্তসবে মাগা বৰ।
এতেকে সন্তুষ্ট জানা হৈব দামোদৰ॥১৭৯১
দিবা ৰাত্ৰি ভাগে হৈব জল এহি ঠাই।
শুনি হৰিধ্বনি কৈলা ভক্তে নাম গাই॥
হৰিধ্যান কৰি যেবে ভক্তে শুনি আছে।
শুনিয়োক যেন কথা ভৈল তাত পাচে॥১৭৯২
ৰাত্ৰি উঠি শঙ্কৰে ভৰিৰ চিন দিল।
ধনুৰ আকৃতি সিটো জিলিকি উঠিল॥
আকাশৰ পৰা চিক্ চিক্ কৰি আসে।
সৰ্ব্বজয় বলৰাম দেখি দুয়ো হাসে॥১৭৯৩
কিনো মোৰ গুৰুৰ প্ৰভাৱ বিপৰীত।
এহি বুলি দুয়ো যেবে আছয় তহিত॥
গিৰিসিত কৰি আসি পৰিলেক জল।
শব্দ শুনি সৰ্ব্বলোকে ভৈলন্ত বিফল॥১৭৯৪
কৈত কিবা হৈল বুলি সবেয়ো উঠিল।
ঘুমতিৰ উঠি বুঢ়াখায়ো লৰ দিল॥