পৃষ্ঠা:গুৰুচৰিত.djvu/৪০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৭
তৃতীয় খণ্ড

এহিমতে ডেকাগিৰি যেবে দান কৈল।
বিপ্ৰসব আপুনি স্বস্থানে চলি গৈল॥
গুৰুক দিলন্ত তুলি খাট বালিশক।
কুণ্ডা জৰা বেলা বাটি দিলেক অনেক॥১৭৭৯
কৰ্ণপুৰ চতুৰ্ভুজ দুই হৃষ্ট কৰি।
ভোজন সম্ভাৰ সাজ দিলাহা সাদৰি॥
আন ভূঞাসকলক বস্ত্ৰ ধন দিলা।
দান পাই ভূঞা বন্ধু সমস্তে চলিলা॥১৭৮০
দশাৰ দানৰ কথা এহিমানে গৈল।
শুনিয়োক এক মান যেনমতে ভৈল॥
চাৰি দিন পথহন্তে বিপ্ৰে বাৰ্ত্তা লয়।
শঙ্কৰৰ পত্নীকাৰ্য্য কোন দিন হয়॥১৭৮১
কাৰ্ত্তিক মাসৰ যেবে গৈল দিন তিনি।
আসিল ব্ৰাহ্মণগণ কাৰ্য্য কথা শুনি॥
বৰদোৱা গ্ৰামে বিপ্ৰ ভৈল একত্ৰক।
যত লোক ভৈল তাৰ লেখা কৰে কিক॥১৭৮২
ৰামৰাম গুৰু দুই খুৰা আসিলন্ত।
বিধি মেলি বৃষোৎসৰ্গ তিনিয়ো কৰন্ত॥
একখান দোলা দিলা আৰো এক ৰাজী।
খাট পীৰা তামক কৰুৱা দিলা সাজি॥১৭৮৩
বহল তুলিক হংসশয্যা উছৰ্গিল।
তিনিগোটা মহিষ তিনিক দান দিল॥