পৃষ্ঠা:গুৰুচৰিত.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একৰিত দীপ নামে কটোৱাৰ ৰাজাত জনাইল। সৰ্বক সবে নিল ভযু পাশে লইল।১১১ চীব নামে সিটো পৰম প্ৰচণ্ড। তাক আসি তুমি এৰে কৰিয়োক দণ্ড। গৌৰেৰে বোলে মই সিটো কথা পাইবো। বৰিষেক মান তাক বাটক চাহিবে ১১২ তথাপিতো নাসে যদি আমাৰ থানক। হুল কৰি তেবে মই আনিব তাহাক। এহিমতে ৰাজ্য পালি অহা তথা ৰহি। দেখি ৰাজা বৰিষেক পাচে গৈল বহি।১১৩ বৰিষ চৰাই পাচে গৈল দুই মাস। মনত গুণন্ত ৰাজা কৰি অসন্তোষ। হল কৰি আনি সবে কৰিবোহহ বন্দী। কৰিবে। অনেক তিৰস্কাৰ কৰি নিন্দি॥১১৪ দুই দূত পাঞ্চিলন্ত নিৰবান সুদাম। তোৰা দুইজনে মোৰ সাধ। মনকাম। লেঙ্গামাগুৰিক লাগি যাহা শীঘ্ৰ কৰি। মিত্ৰ কৰো বুলি চণ্ডীবৰক আনা ধৰি।১১৫ আশীজন বাইচা ৩াহান লগে দিল। বিদ্যুত সঞ্চাৰে তেতিক্ষণে চলি গৈল। বায়ু দিন অন্তৰে পাইল উজাই। তীৰৰ মহামতি আছা সেকি ঠাই।১১৬