পৃষ্ঠা:গুৰুচৰিত.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১
প্ৰথম খণ্ড

ৰবিবাৰ দিনা চাৰিদণ্ড ভাঠিবেলা।
বিষ্ণু স্মৰি লণ্ডাদেৱে শৰীৰ এৰিলা॥
কান্ধে কৰি চণ্ডীবৰে চিতাত তুলিলা।
মুখাগ্নিক দিয়া তাৰ শৰীৰ দহিলা॥ ১০৬
কৃষ্ণ পণ্ডিততে তান ক্ৰিয়া কৰিলন্ত।
ক্ষীৰ কলক কঞ্চাই পিতৃক দিলন্ত॥
কনৌজপুৰত যত আছা বিপ্ৰবৰ।
দান লৈবে প্ৰতি সবে আসিলা সত্বৰ॥১০৭
যত টকা সৰ্ব্বস্বক ব্ৰাহ্মণক দিলা।
আনিবে নপাৰি গৰু সমস্তে বিলাইলা॥
বসন সুৱৰ্ণ ধন আনিলন্ত যত।
সমস্তক দিলা দান পিতৃৰ শ্ৰাদ্বত॥১০৮
নৱগুটি মাত্ৰ জ্ঞাতি তৈত ভাত দিল।
মাস ক্ৰিয়৷ কৰি পুনু সিথানে লৰিল।
চৌদ্ধয় ঘৰৰ যত লোক আছিলেক।
স্বকি স্বকি নৌকাতে আপুনি তুলিলেক॥ ১০৯
দেৱীদাস লোক বিড যত আছে মানে।
দাসী দাসসকলক নিলা নিজ থানে॥
লেঙ্গামাগুৰিক লাগি সবে লৈয়া গৈল।
ব্ৰহ্মপুত্ৰে উজাই চৌধ্যদিনে গৈয়া পাইল॥১১০
ৰত সৰ্ব্বস্বক মানে তৈতে তুলিলন্ত।
নৰেশ্বৰে পাচে সিটো কথা শুনিলন্ত॥