এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪৩
তৃতীয় খণ্ড
সত্যে সত্যে সত্যে শঙ্কৰক গুৰু লৈলো।
কাবাক্যমনে আন চৰণে ভজিলো॥
শঙ্কৰ গুৰুৱে পুনৰণি দেখাই্লন্ত।
নাম ভক্ত দেৱ গুৰু চিনায়া দিলন্ত॥১৫৮৩
উবনা বনবৰা ধ্বজা মাধৈ চান্দেকী।
সবে হন্তে শঙ্কৰক নমস্কাৰ কৰি॥
সেহিদিনা হন্তে সবে ভৈলন্ত ভকত।
সমস্তে ধৰিলা দেৱ শঙ্কৰৰ মত॥১৫৮১
ইসব কথাক আবে থৈলো এহিমানে।
মহেন্দ্ৰ কন্দলী যেন কৈলা সিটো স্থানে॥
হস্তীয়ে মহিষে জানা ধান্য ডালি খাই।
আসা ডেকাগিৰি ৰুলি পঠাইলা মতাই॥ ১৫৮২
শুনিলা শঙ্কৰে গুৰু পঠাইলন্ত মাতি।
আখবেথ কৰি তৈকে গৈলা চলি আতি॥
গুৰুৰ চৰণে নমস্কাৰ কৈবে চা্ন্ত।
দেখিয়া কন্দলী উঠি হাতে ধৰিলন্ত॥ ১৫৮৩
কমলিক পাৰি দিল শঙ্কৰ বসিল।
আন ছাত্ৰসবে আসি নমস্কাৰ কৈল॥
হাসিয়া গুৰুৱে বোলে শুনিয়ো শঙ্কৰ।
সাতোটা কুঞ্জৰে ধান্য খাই সমস্তৰ॥ ১৫৮৪
কৰিলোহো শস্য তাক খাইবাক নপায়।
লাঞ্জ ছিঙ্গে জোড়ে খেদে ততো নপলায়॥