সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৩৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪২
গুৰু-চৰিত

হেন দেখি মই আতি আনন্দ কৰিলো।
শৰণ কৰিবে প্ৰতি প্ৰভাতে আইলো॥১৫৭৪
দায়া কৰি মোক তুমি শৰণক দিয়া।
এথাক লাগিয়া তুমি পুস্তক আনিয়া॥
ঠাই মুচি সৰ্ব্বজয়ে আনিলন্ত পুথি।
আনো বিপ্ৰগণে উঠি কৰিলন্ত স্তুতি॥১৫৭৫
ৰামৰাম গুৰু আগে বস্ত্ৰ খসাইলন্ত॥
পুস্তকক লাগি দণ্ডৱত কৰিলন্ত।
পণ্ডিত গহন যত বিপ্ৰ আসি আছে।
বুঢ়াখায়ো সৰ্ব্বজয়ে উঠিলন্ত পাচে॥ ১১৫৭৬
বলোৰাম উদাৰ শ্ৰীৰাম জয়ৰাম।
হৰিদাস ৰামদাস হৰিহৰে এৰি কাম॥
সবাহানে আপোনাৰ কাপোৰ বসাই।
দ ণ্ডৱতে পৃথিৱীত পেলায় নিজ কায়॥১৫৭৭
আন বিপ্ৰসব দণ্ডৱতে পৰি আছে।
কৰযোৰ কৰি শঙ্কৰে মাতে পাচে॥
ব্ৰাহ্মণক সেৱা কৰাইবাক নোহে যোগ্য।
হৰি ভজিলেহে মিলে বৈকুণ্ঠৰ ভোগ্য॥ ১৫৭৮
প্ৰথমতে কৃষ্ণৰ শৰণ কহিলন্ত।
ৰামৰম গুৰুৱে তেথনে মাতিলন্ত॥
শুনা যতলোক সবে সেৱা কৰা মনে।
আমাৰ শঙ্কৰ বিনে গুৰু নাহি আনে॥ ১৫৭৯