পৃষ্ঠা:গুৰুচৰিত.djvu/৩৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪৪
গুৰু-চৰিত

যিবা জানা খেদিবাক উপায় কৰিয়ো।
শস্য যেনমতে ৰহে উপায় চিন্তি্য়ো॥ ১৫৮৫
শঙ্কৰে বোলন্ত সবে আসিয়োক লোক।
কহিত চৰয় হস্তী দেখাই দিয়া মো॥
হেন শুনি গুৰু আদি সবে লগে গৈল।
বননিত আছে হস্তী ধান্য মাজে ৰৈল॥১৫৮৬
দণ্ড চাৰি মান তৈতে বাট চাই আছে।
ধান্য খাইবে লাগি হস্তী আসিলন্ত পাচে॥
দেখি ডেকাগিৰি কঙ্কালত বস্ত্ৰ বান্ধি।
বৰ বেগে হস্তীৰ পশিল গৈয়া সন্ধি॥ ১৫৮৭
শঙ্কৰক দেখি তেবে হস্তী খেদি গৈল।
দেখিয়া শঙ্কৰ মহা ক্ৰোধান্বিত ভৈল॥
পাক ফুৰি হস্তী শঙ্কৰক খেদি যান্ত।
এক দন্তালৰ শুণ্ডে চাম্পি ধৰিল্ন্ত॥১৫৮৮
চিহৰণী দিয়া হস্তী আতাস পাৰিল।
বল দিয়া শঙ্কৰে আগকে টানি নিল॥
হেম্পচা মাৰিয়া পাচে তাক এৰি দিল।
গিৰিসিত কৰি সিটো কুঞ্জৰ পৰিল॥ ১৫৮৯
দেখি সমস্তৰে হৰষিত ভৈল মন।
আন হস্তী লৱৰ দিলন্ত তেতিক্ষ॥
পলাই পলাই বুলি শঙ্কৰে ৰিঙ্গ দিলা।
আবোগোটা চাৰি হস্তী খেদিয়া আসিলা॥ ১৫৯০