পৃষ্ঠা:গুৰুচৰিত.djvu/৩৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৯
তৃতীয় খণ্ড

মান্যক লভিয়া সবে গৈলা ঘৰা ঘৰি।
শঙ্কৰক সবেয়ো প্ৰশংসা বাস্ত কৰি॥
জয়ন্ত মাধৱ হলায়ুধ ঘৰে গৈল।
আনো বন্ধুগণ নিজ ঘৰে প্ৰবেশিল॥১৫৫৮
এহিমতে সভাখান বিসৰ্জ্জিলা যেবে।
শঙ্কৰেয়ো আপুনাৰ ঘৰ পাইলা তেবে॥
সমস্ত সমাজে যেবে পথে চলি যান্ত।
শঙ্কৰক প্ৰশংসিয়া গৃহক পাইলন্ত॥১৫৫৯
ইসব কথাক আবে এহিমানে থওঁ।
শঙ্কৰে ৰাত্ৰিত যেন কৈলা তাক কওঁ॥
দশমৰ পুৰাণৰ শ্লোক পাচে চাই।
উদ্ধৱ, সংবাদ পুথি কৰিলন্ত যাই॥১৫৬০
সাৰ উদ্ধাৰিয়া তাৰ পদ কৰিলন্ত।
উদ্ধৱ সংবাদ নাম তাহাৰ দিলন্ত॥
পুছিলোহো মাধৱত ইসৱ সংশয়।
মাধৱ বান্ধৱ শঙ্কা দূৰ কৰিলয়॥১৫৬১
আগ কৰি দশমৰ শেষ কিয় খৈল।
মহাৰজে মাধৱে সিসৰ কথা কৈল॥
উ নাম অক্ষৰ তাহাৰ ষা্তো দিল।
আগ কৰি প্ৰথমক তাতেসে বাচিল॥ ১৫৬২
যাতো দশমৰ সম কহো নুহিকন্ত।
দশমৰ সাৰ কথা তাতে কৰিলন্ত॥