পৃষ্ঠা:গুৰুচৰিত.djvu/৩৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৮
গুৰু-চৰিত

ইকি মনুষ্যৰ কৰ্ম্ম নোহে সাৰে সাৰ।
ঈশ্বৰৰ ৰূপ কোনে দেখাইবেক আৰ॥১৫৫২
ৰামৰাম গুৰু চতুৰ্ভুজ নৰোত্তম।
আন বিপ্ৰসব যত আছয় উত্তম॥
সবে হস্তে বোলে আমি পশিবো শৰণ।
শঙ্কৰদেৱক মাতিলন্ত তেতিক্ষণ॥১৫৫৩
বোলন্ত আমাক তুমি শৰণ কৰায়ো।
নাম গুৰু ভক্ত দেৱ আমাক দেখায়ো॥
শঙ্কৰে বোলন্ত ইটো কাৰ্য্য নুহি ভাল।
শূদ্ৰক ব্ৰাহ্মণে সেৱা কৰে কোন কাল॥ ১৫৫৪
শুনিয়া ব্ৰাহ্মণসবে বোলন্ত বচন।
নুহিকাহা শুদ্ৰ তুমি দেৱ নাৰায়॥
আমাক ভাণ্ডিয়া কেনে বোলাহা বচন।
তোহ্মাৰ চৰণে নিষ্টে পশিলো শৰণ॥১৫৫৫
শঙ্কৰে বোলন্ত বিপ্ৰসব যা্য়ো ঘৰে।
কালি প্ৰভাততে সবে আসিবা সত্বৰে॥
সেৱা কৰিবাক প্ৰতি লাগয় দশম।
নাহিকয় ভাষ্য কেনে কৰিবো নিয়ম॥১৫৫৬
তভো আজি তোমাৰাসকলে যায়ে ঘৰে।
এহি বুলি আদেশ যে কৰিলা শঙ্কৰে॥
বিপ্ৰসকলক দান দক্ষিণা কৰিলা।
গায়ে গায়ে মিঠাই প্ৰসাদচয় দিলা॥১৫৭