পৃষ্ঠা:গুৰুচৰিত.djvu/৩৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪০
গুৰু-চৰিত

অৱহেন অদ্ধে জাতো থানে আছে ধৰি।
প্ৰথমতে আগে সিটো শাস্ত্ৰ আছে কৰি॥ ১৫৬৩
সম্বাদ বুলিয়া উদ্ধৱৰ জাতো কন্ত।
বাদী বিপ্ৰসবক শৰণ কৰাইলন্ত॥
দশমৰ শেষ গুৰু যি কাৰ্য্যত খৈল।
কৃপালু মাধৱে তাৰ অৰ্থচয় কৈল॥১৫৬৪
আৱৰ অন্বয় যা্তো প্ৰথমে উদ্ধৱ।
তাতে দশমৰ শেষে অ্ন্তে খৈয়াছয়॥
ৰাত্ৰি মধ্যে লিখিলাহা সেইগ্ৰন্থ খানি।
আইলা বিপ্ৰসব শঙ্কৰৰ বাক্য মানি॥১৫৬৫
কবিৰত্ন বিদ্যাৰত্ন ৰামসৰস্বতী।
আইলা বিপ্ৰসব সেৱা কৰিবাক প্ৰতি॥
ৰামৰাম গুৰু চতুৰ্ভুজ দুয়োজন।
শঙ্কৰৰ পাশে চলি গৈলা তেতিক্ষণ॥১৫৬৬
দুয়ো বোলে আগে আমি শৰণ কৰিবো।
গুৰু মানি শ্ঙ্কৰত উপদেশ লৈবো॥
শঙ্কৰে বোলয় ইটো কথা নুহি ভাল।
তুমি পুৰহিত আমাথেৰ সৰ্ব্বকাল॥ ১৫৬৬
ৰামৰামে বোলে ডেকাগিৰি শুনিয়োক।
আজি ৰাত্ৰিভাগে স্বপ্ন দেখাইলেক মোক॥
আসিল ব্ৰাহ্মণ এক পুৰুষ সুন্দৰ।
পকি আছে লোন তান সকলে গাৱৰ॥ ১৫৬৮