এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৭
তৃতীয় খণ্ড
চাৰিয়ো পাশত যেবে কৈলা হৰিধ্বনি।
বৈকুণ্ঠপুৰক তাৰ শব্দ গৈল ছানি॥
ফিৰি আসি দণ্ডৱত গুৰু কৰিলন্ত।
কৰযোৰ কৰি সমস্তকে বুলিলন্ত॥ ১৫৪৭
শুনা সভাসদ বোলো নিশ্চয় বচন।
শঙ্কৰদেৱত মই পশিলো শৰণ॥
চাৰিবাৰ চাৰি দণ্ডৱত কৰিলন্ত।
ভৈল গুৰু বুলি উচ্চ কৰি ভাবিলন্ত॥১৫৪৮
পুনৰপি বুঢ়া গুৰু বুলিলা বচন।
শঙ্কৰৰ মহিমাক জানে কোন জন॥
পাঠশালা মাজে একদিন শুনিলন্ত।
অনন্ত আসিয়া তৈতে ছত্ৰ ধৰিলন্ত॥১৫৪৯
মোক দেখি পাচে সিটো সৰ্প অন্তৰিল।
চকমক কৰি জাগি শঙ্কৰ উঠিল॥
শুনা কৰ্ণপুৰ চতুৰ্ভুজ দুয়োজন।
নৰোত্তম বুদ্ধ তুমি পণ্ডিত গহন॥১৫৫০
ঊৰ্দ্ধবাহ কৰি মই কৰো অঙ্গীকাৰ।
শঙ্কৰত পৰে গুৰু নাহিকে আমাৰ॥
শুদ্ৰ বুলি যিটো পা্পী কৰে তিৰস্কাৰ।
আমাৰ ব্ৰাহ্মণ জন্ম আছোক ধিক্কাৰ॥ ১৫৫১
শুনিয়ো পণ্ডিতগণ নুগুণাহা মনে।
বৈকুণ্ঠক দেখাইবাক পাৰে কোন জনে॥