পৃষ্ঠা:গুৰুচৰিত.djvu/৩৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩১
তৃতীয় খণ্ড

পিন্ধাই পাটশাৰী সিন্দুৰক মাথে দিল।
উচ্চ কৰি খোপা গোট তুলিয়া বান্ধিল॥
শ্ৰীৰাম গুৰুক আনি আৰো লক্ষ্মী কৈলা।
কমলিধৰাকো আনি তথাতে ৰুচাইলা॥ ১৫১৪
ৰঘুপতি ৰজকৰ পুত্ৰ আনিলন্ত।
চিদাক আনিয়া পাচে বস্ত্ৰ কচাইলন্ত॥
মথুৰাৰ পুত্ৰ হৰিধন তান নাম।
পৰম সুন্দৰ সিটো নাহিকে উপাম॥ ১৫১৫
এহি ছয়জন লক্ষ্মী প্ৰবেশ কৰাইল।
ছয়ৰো হাতত পদ্মমালা গান্থি দিলা॥
ছয় বৈকুণ্ঠৰ ছয় ঈশ্বৰৰ পাশে।
গৈলন্ত প্ৰবেশ দিয়া নাচি বহু লাস॥ ১৫১৬
পঙ্কজ যে নাম শঙ্কৰৰ বৈকুণ্ঠত।
নলাগয় লক্ষ্মী তাত মায়া নাহি তাত॥
এহিমতে গীত গোটা ছয়ো যেবে গৈল।
পাৰিষদগণৰ প্ৰবেশ তেবে ভৈল॥ ১৫১৭
সূত্ৰ শ্লোক বুলিয়া শঙ্কৰে কথা কৈলা।
পাৰিষদগণে আসি নাচিবাক লৈলা॥
অঙ্গী ভঙ্গী কৰি নাচি কত কথা তুলি।
দিয়া হাত সবেও মাথাত লৈলা তুলি॥ ১৫১৮
নৰহৰি নামে একজন পাৰিষদ।
জয়াক চাইল তাক দেখিয় তবখ॥