পৃষ্ঠা:গুৰুচৰিত.djvu/৩৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩২
গুৰু-চৰিত

জয়ৰামক গুৰু পৰিষদ পাতিলন্ত।
পূৰ্ণানন্দ নামে আৰো জনক চাইলন্॥ ১৫১৯
হৰিক ৰঘুক দুইকো পাৰিষদ কৰি।
সবে হস্তে হাতে গদা পদ্ম আছে ধৰি॥
গোবিন্দ গুৰুক নিয়া আয়োজন কৈলা।
একো বৈকুণ্ঠক লাগি একোজন গৈলা॥ ১৫২০
সভাত আছিল যত দুষ্ট বিপ্ৰগণ।
সবাৰো গাৱৰ আৰ হৰিল চেতন॥
আছিল বিপক্ষ যত সবে দূৰ গৈল।
সাক্ষাতে ঈশ্বৰ বুলি মনে সবে লৈল॥১৫২১
ব্ৰহ্মা হৰ ইন্দ্ৰ আৰো কুবেৰ বৰুণ।
স্বকী স্বকী বানে চৰি আসিলা আপোন॥
আকাশ জুৰিয়া সবে বসিলা বিমানে।
শঙ্কৰক নিন্দিছিল যিবা বিপ্ৰগণে॥ ১৫২২
কণ্ঠ সৰস্বতী বিপ্ৰ পৰম গহন।
তাসম্বাক মাত্ৰ দেখাই শঙ্কৰে তেখনে॥
বিপ্ৰসকলৰ গৰ্ব্ব ভৈল আটাইটাই।
দেৱগণে দেখি বিপ্ৰগণ চুৰ্ত্তি নাই॥ ১৫২৩
শঙ্কৰৰ মায়ায়ে আনক ঢাকিলন্ত।
ব্ৰহ্মা ইন্দ্ৰ চন্দ্ৰক দ্বিজক দেখাইল॥
দেৱতাৰ গন্ধে দিশ বিদিশ পূৰিল।
জয় জয় বুলি প্ৰজাগণে কলি দিল॥ ১৫২৪