সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/৩৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩০
গুৰু-চৰিত

পূৰ্ব্বৱতে বস্ত্ৰখান ধৰিলন্ত তুলি।
কন্যাসকলেয়ো ঘনে পাৰন্ত উৰুলি॥ ১৫০৮
লগাইলন্ত মতাক দেখিয়া সুশোভন।
বৈকুণ্ঠপুৰত তেহো বসিলা তেখন॥
আত অনন্তৰে শ্লোক শঙ্কৰে বুলিলা।
সূত্ৰ বুলি আউৰ প্ৰবেশ তেবে কৈলা॥ ১৫০৯
দিলন্ত প্ৰবেশ পাচে মথুৰা যেখন।
বস্ত্ৰ দাঙ্গি পুনঃ ধৰিলন্ত দুইজন॥
লগাইলন্ত মতাগোট সবে আছে চাই।
ৰাত্ৰি গুচি ভৈল যেন দিন সঙ্গে প্ৰায়॥ ১৫১০
আপুনাৰ বৈকুণ্ঠ ভুৱনে আছা বসি।
সবাৰো শৰীৰ যেন জ্বলে সূৰ্য্য শশী॥
গাৱে গীত গায়ন সকলে ৰঙ্গ মনে।
বনগঞাগিৰিক মাতিলা তেতিক্ষণে॥ ১৫১১
শঙ্কৰে বোলন্ত ভাই শুনহ বচন।
স্ত্ৰী কাচোক চাই আন লোক ছয় জন॥
শঙ্কৰৰ আজ্ঞা তেন্তে শিৰে তুলি ধৰি।
কচাইলন্ত ছয় জন লোক ভাল কৰি॥ ১৫১২
প্ৰথমৰ লক্ষ্মী সৰ্ব্বজয়ক কৰিলা।
গৰুড়ৰ মুখা এৰি স্ত্ৰীৰ কাচ লৈলা॥
বলৰাম আতৈক তেখনে কচাইলন্ত।
পাৱত নুপুৰ হাতে খাৰু পিন্ধাইলন্ত॥১৫১৩