পৃষ্ঠা:গুৰুচৰিত.djvu/৩৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৯
তৃতীয় খণ্ড

স্বামীয়ে নিচিনে এই মোৰ ভাৰ্য্যা বুলি।
শঙ্কৰৰ মায়ায়ে সবাকো থৈলা ভুলি॥
বনগঞগিৰি কেতাইখাও খোল বান্ত।
আনো সভাসদ লোকে ৰঙ্গে বেটি চান্ত॥ ১৫০৩
ভৈল প্ৰবেশৰ বেলা সুত্ৰ কহিলন্ত।
তাত অনন্তৰে যদু প্ৰবেশ দিলন্ত॥
পুনৰপি বস্ত্ৰ আৰ কৰি ধৰিলন্ত।
আৰোবাৰ মতা গোট লগায়া দিলন্ত॥ ১৫০৪
আৰো বৈকুণ্ঠত যাই যদু প্ৰবেশিল।
প্ৰবেশক দিয়া যাই শয্যাত বসিল॥
আত অনন্তৰে শুনা যেনমত ভৈলা।
ভটিমা বুলিয়া পুনু সূত্ৰক বুলিলা॥ ১৫০৫
ভট্টিমা বুলিয়া পুনু সূত্ৰৰ প্ৰবেশ।
ৰামচৰণক তেবে কৰিলা আদেশ॥
দিলন্ত প্ৰবেশ দুনাই কৰি লীলা গতি।
নাচি ৰামচৰণে কৰন্ত ৰঙ্গ আতি॥ ১৫০৬
খোলৰ চাপৰি দিশ বিদিশ পুৰিল।
আপুনি শঙ্কৰদেৱে মতাক ধৰিল॥
আৰোবাৰ গায়নসকলে গাইল গীত।
বুলিলন্ত সূত্ৰ পাচে শঙ্কৰে ত্বৰিত॥ ১৫০৭
আৰোবাৰ সূত্ৰে প্ৰবেশক কৈলা যেবে।
বলাইৰ প্ৰবেশ আসি ভৈল গৈয়া তেবে॥