পৃষ্ঠা:গুৰুচৰিত.djvu/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ গুৰু চৰিত খেৰতী গৈয়া পাচে একলাঞ্জি হুই। ঢ ঢম কৰি ঘৰে লাগিলেক জুই। চকমক কৰি তেবে মাধয়ো বসিলা। দেখে চৌৰাগৃহে ৰাই অগনি লাগিল। ১৮১৪ ঘৰ পুৰে বুলি মাধৈ পায় আটাস। কি কাম কৰিলো আবে ভৈলে সৰ্বনাশ। বুঢ়ীআই কুমৰে ধাতু গৈলা উৰি। গিৰ গিৰ, কৰি দেখে ঘৰ আসে পুৰি॥৮১ কুসুমদেৱৰ গাৱ কম্পে অতৰি।। গেৰি দিয়া মাতে আতি আৰ্তনাদ কৰি। বুঢ়াখা কুসুমে গৈয়া সোমাই বৰ বেগে। শঙ্কৰক বাহিৰ কৰিলা সেহি ছেগে॥৮১৬ যিটো ধৰে শঙ্কৰক উলিয়াই নিল। তাৰে পৰা অৰ্ধমান যৰ পুৰিল। দেখিলে সৰ্বলোকে কিনো বিপৰ্যয়। নাকত আঙ্গুলি দিয়া বিস্ময়ে গুণয়॥৮১৭ হেন বিপৰ্যয় কথা নতো দেখি শুনি। কতো হাসে কতো মাতে মনে গুণি। ছাল খেৰ কাৰি মাত্ৰ অগনি দহি। ভিতৰৰ বস্তু যত সমন্তে থাকিল।৮১৮ বিপৰীত দেখি সবে লোক নিৰন্তৰে। হেন কথা ঘোষিয়া গৈল মনে মনে।