সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰু চৰিত এহি বুলি তম্ভি ৰৈল। শঙ্কৰে প্ৰবোধ কৈলা | কহি নানা বচন বিশেষ। দিল বিদায় পাচে মাথা চপৰায় আছে স্কৃতি নতি কৰিয়া অশেষ গৰুড় পাখা দুটি সৰিয়া পৰিল চুটি | শঙ্কৰৰ পাৱে লাগি ৰৈল। পাখা চাত লাগি তাৰ দুই বৃক্ষ বজ্ৰসাৰ | গিৰ গিৰ কৰি ভাগি গৈল ৭১৮ হই বৃক্ষ ভগ্ন ভৈল গৰুড় বৈকুণ্ঠে গৈল | দেখি লোকে কৰে হাহাকাৰ। বাত বৃষ্টি নাহিকয় হেন বৃক্ষ ভাগিলয় | নজানয় লোকে কথা তাৰ। কুসুমে দেখিলা পাচে দুই পাখী সৰি আছে শৱৰৰ পাৱত লাগিয়া। গীতৰ পাখী দুই কুসুমে বিস্ময় হই | লোকক দেখালা তাক নিয়া ৭১৯ চিনিয়া কুসুমে তাক নিষেধিলা কহিবাক আপুনাৰ বন্ধু বান্ধৱৰ। এহিমতে তথা ৰৈ ভাৰ্যাৰ পিণ্ডক দিলা দুখ দূৰ দেখি শঙ্কৰ। উনৈশ দিনৰ কথা এবিমানে গৈলা তথা | শুনা সীলা বিংশতি দিন।