পৃষ্ঠা:গুৰুচৰিত.djvu/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
গুৰু-চৰিত


কৰন্ত বিষাদ মনে নাহি সুখ শান্তি।
গৃহৰ বজাইলা পাচে মনে গুণি গান্থি॥৬৬৫
চান্দেৰী মাধৱী লৈলা শঙ্কৰক কোল।
সূৰ্য্যবৰে বোলে বাপু শুনা এক বোল॥
জয়ন্ত মাধৱ ওবা বুঢ়াখা জোৱাই।
সত্বৰে চিন্তিয়ো কাৰ্য্য কিবা আছা চাই॥৬৬৬
ভিতৰৰ কাৰ্য্য শুনা বুদ্ধিত লাগিল।
ভাগে ভাগে দাসী দাস সবাকো পাঞ্চিল॥
বুঢ়াখাক ৰাখিলন্ত বাহিৰৰ কাৰ্য্য।
অৰ্চ্চিবাহা তুমি মহা ব্ৰাহ্মণ সমাজ॥৬৬৭
নৰোত্তম গুৰু তৈতে মিলিলন্ত আসি।
বুলিলন্ত বাক্য পাচে মুচুকাই হাসি।
খোল চাউল বস্তু যত আনা শীঘ্ৰ কৰি।
কুসুকে বুলিল পাচে চৰণত ধৰি॥৬৬৮
খানিতেক বসা গুৰু শুনা মোৰ বাণী।
বস্তু যত এক ঠাই কৰা আনি আনি।
আথে বেথে কৰি পাচে বান্ধিলন্ত ভাৰ॥
বহুতৰ লোক যত চলি যাই গাৱঁৰ॥৬৬৯
নোম গুৰু আগ হুয়া চলিলন্ত।
লোক সমে কুসুমে পাচত লৰিলন্ত॥
লোহিত্যৰ তীৰক পাইলন্ত কতো বেলি
বসিয়া কাৰ্য্যত গুৰু পঢ়ে বিধি মেলি॥ ৬৭০