পৃষ্ঠা:গুৰুচৰিত.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১
দ্বিতীয় খণ্ড


কিছু নুবুলিয়া পাচে থাকিলন্ত তথা।
আত অনন্তৰে আৰো শুনা এক কথা॥
সত্যসন্ধ্যা মৰিবাৰ দুই দিন ভৈলা।
নৰোত্তম গুৰু কুসুমৰ ঘৰে গৈলা॥৬৬০
পিণ্ডৰ সম্ভাৰ বস্তু কৰি এক ঠাই।
লোহিত্যৰ তীৰে ৰভা বান্ধিলেক যাই॥
নৰোত্তম গুৰু বেদমন্ত্ৰক পঢ়ন্ত।
কুশ ধৰি কুসময়ো পিণ্ড উটাইলন্ত॥৬৬১
অনন্তৰে আসি সবে পশিলন্ত ঘৰে।
শঙ্কৰৰ লীলা আৰো শুনা ভাত পৰে॥
ইসব কথাক আবে এহিমানে থওঁ‌।
সপ্তম দিনৰ কথা শুনা আক কওঁ॥৬৬২
স্নান কৰি কুসুমে শিৱক পশিলন্ত।
ষোল্ল নাম মন্ত্ৰ স্মৰি গৃহে পশিলপ্ত।
শঙ্কৰৰ ওচৰত থিয় দিলা যাই।
আছন্ত খাটত শুতি কিহোক নখাই॥৬৬৩
হাতফোট কৰে বহু মনত বিকল।
হৰি হৰি বিধি মোৰ বংশ গৈল তল॥
তিনি দিন ভৈল তভো কিছু নখাৱয়।
অৱশ্যে জানিলো মোৰ পুত্ৰ নিৰ্জীৱয়॥ ৬৬৪
উগুল থুগুল মন নাহি শান্তি সুখ।
শঙ্কৰক কোলাত বৈসায়া কৰে দুখ॥