পৃষ্ঠা:গুৰুচৰিত.djvu/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৩
দ্বিতীয় খণ্ড


কুশাঙ্গুষ্ঠি পিন্ধিলা কুসুম মহামতি।
প্ৰথমতে দেৱীক পুজি কৰিলা ভকতি॥
তহিকে গৈলন্ত পাচে বিপ্ৰসবে লৰি।
কুসুমেয়ো সমস্তকে প্ৰণামিলা পৰি॥৬৭১
চতুৰ্ভিতি আৱৰিয়া বসিলন্ত দ্বিজ।
কুসুমেয়ো কৰিলা ভাৰ্য্যাৰ কাৰ্য্য নিজ॥
নৰোত্তম কৰ্ণপূৰ চতুভুৰ্জ তিনি।
বেদ মন্ত্ৰ উচ্চাৰিলা সবে ভিন্নি ভিন্নি॥৬৭২
জৰা কুহিয়াৰ আদি বস্তু অগণন।
দিলন্ত কুসুমে মৃতকৰ পূৰি মন॥
পিণ্ডগোট দিলা পাচে মিসলাই দুগ্ধ।
তিল সানি কৰিয়া কুসুম ভৈল শুদ্ধ॥৬৭৩
উটাইলন্ত পিণ্ড তেৱে লৌহিত্যত দিয়া।
তুষিলন্ত বিপ্ৰগণ দক্ষিণাক দিয়া॥
সুৱৰ্ণ ৰজত বস্ত্ৰ দিলা যত যত।
দিলা বহুতৰ টকা লেখা দিবো কত॥৬৭৪
নৰোত্তম কৰ্ণপূৰ আৰো চতুভুৰ্জ।
পণ্ডিততো একে তিনি জগততে পূজ্য॥
তিনিখন কাহি আৰো তিনি গুটি ঝাৰি।
ভাল চাই ধেনু দিলা বিচাৰি বিচাৰি॥৬৭৫
দান দক্ষিশায় পুৰি সমস্তৰে মন।
তেখনে কৰিলা সবে গৃহক গমন॥