এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
দ্বিতীয় খণ্ড
জয়ন্ত মাধৱ দুয়ো ভৈলন্ত ব্যাকুল।
লাসে লাসে কুসুম্বৰ চাপিলন্ত কোল॥
হেন শুনি খৰি লৈয়া গৈলা তেতিক্ষণে।
নিৰ্ম্মিলন্ত চিতাখান অগৰু চন্দনে॥৬৩৮
আপুনি চিৰন্ত খৰি জয়ন্ত মাধৱে।
যত ভূঞা আছন্ত সমস্তে খৰি বৱে॥
অনন্তৰে শুনা পাচে যেন কথা ভৈল।
চিতাখান সাজি পাচে তৈতে সাঙ্গ কৈল॥ ৬৩৯
বুঢ়াখায়ে বোলে ওবা সবেয়ো শুনিয়ো।
মৃতকক নিবে লাগি চৌদল সাজিয়ো॥
চাৰিজন লোকে লৌক মহাদৃঢ়তৰ।
যেন একে কান্ধে নেই নদীৰ কাষৰ॥৬৪০
শীঘ্ৰ কৰি গৈয়া পাচে চৌদল আনিল।
বুঢ়াখা কুসুমে ধৰি তাহাতে তুলিল॥
হৰিধন বুঢ়াখা যে আৰো সতানন্দ।
ৰামখায়ো লৈলা গৈয়া কৰিয়া আনন্দ॥৬৪১
এহি চাৰিজনে ধৰি লৈ যান্ত চৌদল।
অনন্তৰে পাইলা গৈয়া লৌহিত্যৰ কূল॥
অসংখ্যাত লোকে চতুৰ্ভিতি বেঢ়ি যাই।
লাসে লাসে চলয় দেৱীৰ নাম গাই॥৬৪২
নৰোত্তম গুৰু চলি লগত গৈলন্ত।
শৱ শান্তি কৰি চিতা উছৰ্গি দিলন্ত॥