পৃষ্ঠা:গুৰুচৰিত.djvu/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
গুৰু-চৰিত

হৰি হৰি বিধি মই কিনো মন্দভাগী।
পৰিচ্ছেদ কৰি যাওঁ ইজন্মক লাগি॥৬৩২
হা বিধি থাকিবে নাপাইলো মই ভালে।
যাওঁ পৰলোকে হেৰা পাইলে আসি কালে॥
থাকুৰয় হিয়া সবে কান্দে পৰি পৰি।
বহুতৰ লোকসব আছয় আগুৰি॥৬৩৩
হেন দেখি কু্সুমে কৰয় হৃদি খেদ।
হৰি হৰি নভৈলা দুখৰ পৰিচ্ছেদ॥
আজিসে জানিলো মোৰ বিধি ভৈল বাম।
তই হেন ভাৰ্য্যা বান্ধৈ আউৰ কৈত পাম॥৬৩৪
এহি বুলি কুসুমেও কৰন্ত বিলাপ।
পৰি মুৰ্চ্ছা গৈল তৈতে শঙ্কৰৰ বাপ॥
সেহিদিনা বেলা চাৰি দণ্ড ভাঠি দিলা।
তেবে নত্যসন্ধ্যা আই বৈকুণ্ঠে চলিলা॥৬৩৫
সেহিবেলা ক্ৰন্দনৰ উৰ্ম্মি উথলিলা।
দুনাই শঙ্কৰৰ লো বহিবে লাগিলা॥
বুঢ়াখায়ে কুসুমক ধৰিলন্ত তুলি।
প্ৰবোধ দিলন্ত বহু তাঙ্ক মাতি বুলি॥৬৩৬
বিস্তৰ ক্ৰন্দনে মৃতকক নুহি হিত।
শিৰোমণি ভুঞাঁ তুমি খিৰ কৰা চিত্ত॥
এক, ডালি নামক কটাইলন্ত তেতিক্ষণে।
কাটিলন্ত খৰি বুঢ়াখাৰ বে বচনে॥ ৬৩৭