পৃষ্ঠা:গুৰুচৰিত.djvu/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
গুৰু-চৰিত


নোৱাই ধুৱাই কুসুমে ধৰিলা শিৰভাগে।
ভৰি দিকে ধৰিলন্ত বুঢ়াখা মহাভাগে॥৬৪৩
দুয়োজনে ধৰি ফুৰাইলন্ত সাত পাক।
জয়ধ্বনি কৰিবাক দিলন্ত সবাক॥
উত্তৰক মুণ্ডে পাচে চিতাত তুলিল।
আপুনি কুসুমে ধৰি মুখাগ্নি কৰিল॥৬৪৪
খোচনি বাৰীক পাচে বুঢ়াখায়ে ধৰি।
সতানন্দে লুটিয়াই দেন্ত হাত ভৰি॥
কলসে কলসে ঘৃত ঢালিল উপৰে।
আনো বহুতৰ দ্ৰব্য দিলা অনন্তৰে॥৬৪৫
পত্নী মৰিলন্ত কুসুমেয়ো শুনিলন্ত।
অনেক ব্ৰাহ্মণে দান লৈতে আসিলন্ত॥
দুই তোলা সুৱৰ্ণক আঙ্গুষ্ঠিক দিল॥
একশত টকা সেহি সময়ে ভাঙ্গিল॥৬৪৬
অস্থি মজ্জা হাড় পুৰি সবে ভৈল ছাই।
ভস্ম ভৈল তেতিক্ষণে সিটো মৃত কায়॥
আণ্ঠু ঘিলা বিচাৰিয়া হাড়সব লৈলা।
আঙ্গাৰ উঠায়া চলি ঘৰা ঘৰি গৈলা॥৬৪৭
পাচৰ কথাক আবে শুনিয়োক সবে।
আত অনন্তৰে কথা শুনা ভৈল যেবে॥
বিৰিয়াও ঘৰে গৈলা কুসুমে বসিলা।
শঙ্কৰক কোলে কৰি ওচৰক নিলা॥৬৪৮