সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
দ্বিতীয় খণ্ড

কুসুমৰ চক্ষুৰ লোতক বহি যাই।
যত বন্ধু বান্ধৱ কান্দন্ত ঠাই ঠাই॥
খেৰসুতী বুঢ়ী তথা কান্দে ৰাৱ বান্ধি।
সূৰ্য্যবৰে ওচৰে বসিলা কান্দি কান্দি॥৬২৭
হা মাৱ তুমি মোৰ স্নেহৰ বোৱাৰী।
যাহা কৈক লাগি তেজি ইটো ঘৰবাৰী।
চান্দেৰী মাধৱী তথা কান্দে পৰি পৰি॥
হেন দেখি কুসুমৰ ধাতু গৈল উৰি॥৬২৮
শঙ্কৰৰ চক্ষুৰ লোতক নাহি ছেদ।
চাই চাই মাতৃক কৰন্ত বহু খেদ॥
শিশুৰূপে শঙ্কৰ আছন্ত ছ্দ্ম কৰি।
নাহি লোতকৰ ছেদ পৰে সৰসৰি॥৬২৯
মত্তসিংহ যেহেন শঙ্কৰ আহে শুতি।
নজ্বলয় অগ্নি যেন ভস্মে আছে পুতি॥
লাসে লাসে সত্যসন্ধ্যা শঙ্কৰক চাই।
মাতিলন্ত তুমি আবে শুনা শাহু আই॥৬৩০
শঙ্কৰৰ শোকে মোৰ সৰ্ব্বগাৱ দহে।
দেখা দেখা শাহু আই শৰীৰ নসহে॥
তোমাৰ হাতত মই দিলো শঙ্কৰক।
ভাল কৰি শাহু তুমি পালিবা পুত্ৰক॥৬৩১
তুমি হেন শাহু পালো কত পূণ্যফলে।
শঙ্কৰক তুলিবে নপাইলো কৰ্ম্মফলে॥