পৃষ্ঠা:গুৰুচৰিত.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
দ্বিতীয় খণ্ড

হেন দেখি কুসুমে খাণ্ডাক তুলি ধৰি।
কাটিলন্ত সৰ্পগোট তিনি্খণ্ড কৰি॥৫১৭
একধাৰা তেজ গৈল ঘৰৰ ভিতৰ।
পৰিলন্ত তেজ সিটো পাৱে শঙ্কৰৰ॥
সেহি তেজ শঙ্কৰৰ পা্ৱে লীন গৈল।
সেহি দিনা হন্তে বৈকুণ্ঠত থিত ভৈল॥৫১৮
সৰ্পৰ বৃত্তান্ত কহো শুনা পাছ কথা।
নাৰদত হন্তে ভৈল হেনয় অৱস্থা॥
পূৰ্ব্বত গন্ধৰ্ব্ব ইটো আ্ছিলেক শুনা।
মহাঋষি নাৰদে শপিলে আক জানা॥৫১৯
অজগৰ ঝুয়া তৈতে নন্দক গিলিল।
নাৰদৰ প্ৰসাদেলে কৃষ্ণক সেৱিল॥
কৃষ্ণক সেৱিয়া যাতো স্বৰ্গত ৰহিল।
সেহি বাসনায়ে জানা ইঠাইক আসিল॥ ৫২০
সুদৰ্শন নাম তান আছিলেক তথা।
এহিমানে খৈলো ইটো বিদ্যাধৰ কথা॥
আৰো এক কথা সবে শুনা সবে নৰে।
শঙ্কৰে কৰিলা যেন কুসুমৰ ঘৰে॥ ৫২১
নবম দিৱসে এক কৰিলন্ত মায়া।
পৰম অদ্ভুত কথা শুনা মন দিয়া॥
মহাদিব্য আসনত আছন্ত শঙ্কৰ।
পু্ত্ৰক চাহিবে মন ভৈল কুসুমৰ॥ ৫২২