পৃষ্ঠা:গুৰুচৰিত.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
গুৰু-চৰিত

সত্যসন্ধা চান্দেৰী বসিছা তান পাশে।
কুসুমেয়ো তৈকে চলি গৈল লাসে লাসে॥
দেখি ভয়ঙ্কৰ সৰ্প আছে ছত্ৰ ধৰি।
তাক দেখি কুসুমে সুবৰে হৰি হৰি।৫২৩
তথা দিয়া চাই তৈতে বসিল চমকি।
অল্প অল্প কৰি পাচে মেলিলত আখি॥
কতো বেলি চায়া আছে দেখি তিৰিমিৰি।
নানা মণি ৰত্নে জ্বলে দেখি শুক্ল গিৰি॥৫২৪
হেন দেখি কুসুমে ধৰি্লা চকু আতি।
মেলিবে নপাৰে যেন যাই চকু ফুটি॥
খানিতেক থাকি সৰ্প ভৈল আন্তৰ্দ্ধান।
কু্সুম পৰিয়া আ্ছে নাই চুৰ্ত্তিজ্ঞান॥৫২৫
চেতন লভিয়া বসি মনে অনুমানি।
শঙ্কৰক চাই হেন বুলিলন্ত বাণী॥
দেখা দেখা সত্যসন্ধা কিনো বিপৰীত।
ভালমতে থাকিবা পুত্ৰতে দিয়া চিত্ত॥ ৫২৬
সন্টৰা দলৈয়ে কথা কৈল যত যত।
সিটো বাক্যসব মোৰ লাগিল মনত॥
এহিমতে কুসুমে আছন্ত মনৰঙ্গে।
আনন্দ কৰন্ত বসি পুত্ৰ ভাৰ্য্যা সঙ্গে॥৫২৭
এহিমতে আৱে সিদিনাৰ গৈল কাম।
দশম দিনৰ কথা শুনা অনুলাম।