সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
দ্বিতীয় খণ্ড

আৰোবাৰ পুনু গণিবাক লৈলা
সাৱধানে বিধি চাই।
দীপ ঘট দুনি পাতি ভাল কৰি
মনত নিয়মি যাই॥
সণ্ঢাৰ দলই বুলিলা দুনাই
কুসুমক চাই চাই।
তোহ্মাৰ তনয় যেন যেন কৰ্ম্ম
কৰিবেক এহি ঠাই॥৪৭১
ঈশ্বৰ শকতি দেখাইবে সম্প্ৰতি
লোকৰ চিন্তিবে হিত।
বৃন্দাবনে কৃষ্ণ কৰিলন্ত যেন
বাল্যক্ৰীড়া বিপৰীত॥
তেহ্নয় স্বৰূপে কৰিবন্ত ক্ৰীড়া
তোহ্মাৰ ইটো তনয়।
অনাদি জন্মৰ যতেক বাসনা
লোকৰ কৰিবে ক্ষয়॥৪৭২
শিৱ দেৱী পূজা খণ্ডিব সমস্ত
পূৰ্ব্বৰ যত কাৰণ।
কৃষ্ণ দেৱ নাম ধৰ্ম্মক চিনাই
কহিবে এক শৰণ॥
আমিয়ো ইহান্তে লৈবোহোঁ শৰণ
আনো লোক বৰ্তমান।