সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
গুৰু-চৰিত

আখৈ লাৰু গুণ্ডি আগত থৈলন্ত
ভৰি সবে পাচি পাচি॥
বহুতৰ ঝৰা ভৰায়া ভৰায়া
গাৱে মুণ্ডে দেই বাকি।
সোঁত যাই বই ঝোত ঝোত কৰি
হাসে লোকে ঝাকি ঝাকি॥৪৬৮
ভূঞা সবে আউল ভৈলা যেন বাউল
মহা ৰঙ্গে খেলে খেড়ি।
তৈল হৰিদ্ৰাক মোট ভৰি ভৰি
কহো কাকো মাৰে বেঢ়ি॥
নানা ভাৱে নানা আনন্দ কৰয়
ভৈলে পঙ্কময় ভূমি।
যতেক আনন্দ ভৈল সিটো খানে
কহিবোহো তাক আমি॥৪৬৯
সভাৰ মধ্যত শিশুৰূপে হৰি
আছা যেন মত্ত সিংহ।
শুভ শুভ বুলি বজায়া চাপৰি
প্ৰজায়ে পাৰয় ৰিঙ্গ।
সণ্ঢৰায়ো ৰঙ্গ চাহিয়া আছন্ত
মনত আনন্দ কৰি॥
হেন দেখি পাছে কুসুকে বুলিলা
বচনে তাঙ্ক সাদৰি॥৪৭০