সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
গুৰু-চৰিত

আন মুখে মহা জ্ঞানক লভিয়া
বৈকুণ্ঠ পাইবন্ত থান॥ ৪৭৩
মঙ্গলবাসৰে পূৰ্ণিমা তিথিত
ৰাশি যোগ গণিলন্ত।
গ্ৰহ নক্ষত্ৰক মঙ্গল কেতুক
কহিলা সবাৰো অন্ত॥
ওচৰ চাপিয়া বসিলা সণ্ঢৰা
শঙ্কৰৰ ভৰি পাচে।
হাত পাৱ খানি চাইলা লুটিয়াই
দেখে লক্ষণেক আছে॥ ৪৭৪
পুৰুষ লক্ষণ দেখি সণ্ঢৰায়
গাৱ গোট সিহৰিলা।
দুই হাতে দুই পদ্ম প্ৰকাশয়
আনন্দে তাক দেখিলা॥
দীৰ্ঘবাহু দুই আণ্ঠুমান হুই
দেখন্ত পৰিয়া আছে।
সমস্ত গাৱক চাহন্ত নিহালি
মহা চিহ্ণ সব আছে॥৪৭৫
দলৈয়ে বোলন্ত পুৰুষ লক্ষণ
আছে ইটো বালকৰ।
তোহ্মাৰ পুত্ৰৰ কাহবোহো কত
গুণ নাম নিৰন্তৰ