পৃষ্ঠা:গুলেনাৰ.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

70 গুলেনাৰ। হায়! আফচোছ,! আফচোছ,! মোৰ নিজৰ অদৃষ্টত মই নিজেই জুই লগাই ললো। কৰ্ত্তব্যনিষ্ঠা, পৰম পৱিত্ৰ৷ সহ- ধৰ্ম্মিণী যোধবাইক মোব, অসতী বুলি কত টান কথা কলে॥ চাহজাদ৷ মই, বিশাল ভাৰতৰ সকলো সভ্য জাতিৰ সকলো সভ্যতকৈ সভ্য বুলি গৰ্ব্ব কৰোঁ, কিন্তু পত্নীৰ প্ৰতি মই যেনে ব্যৱহাৰ কৰিলোঁ, তাতোকৈ অসভ্যতা, বৰ্ব্বৰতা কিবা হব পাৰেনে? তাৰ উপৰি আনাৰক মই কি কৰিবলৈ বাকী থলোঁ? মোৰে প্ৰণয় মুগ্ধ৷, নিষ্পাপ, নিৰপৰাধিনী অৱলা সৰল৷ ছোৱালীজনীক অসভ্যৰ দৰে নানান ককৰ্থন৷ কৰি, নিৰ্ব্বাসিত কৰি মই নিজেই নিজৰ সুখ-শান্তিৰ গুৰিত কুঠাৰাঘাত কৰিলোঁ৷ পাছত এতিয়৷ বিমান দূৰ বুজিব পাৰিছো, আনাৰ সমুলি নিৰ্দোষ। বাৰু, আৰু এবাৰ ভালকৈ বিচাৰ কৰি চাওঁ। উতক তলব কৰিছোঁ, সি আহক। অ দৌটো আহিছেই, ইয়েই হবল৷ উফৎ? এইটোৰেই প্ৰেমত আনাৰ মুগ্ধ! ইও কি সম্ভৱ হয়! ( খাঁ চাহেবৰ প্ৰবেশ ) খ৷ চা—( কুৰ্ণিছ কৰি, কঁপি কঁপি ) হুজুৰ! মালেক! বান্দ৷ চৰণ তলত হাজেৰ। চেলিম— তোমাৰ নাম উল্ফং থা? খা চা—হুজুৰ! হুজুৰ! মোৰেই নাম উল্ফং বা, প্ৰায় মানুহেই কিন্তু ‘খ৷ চাহেব’ বুলি মাতে। চেলিম—তুমি মোৰ মহলৰ বান্দী গুলেনাৰক চিনা। খ৷ চা–হুজুৰ, মেহেৰবান! গৰীবৰ মা বাপ! আপোনাৰ আগত