পৃষ্ঠা:গুলেনাৰ.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অঙ্ক। বেছ, দুয়ে৷ সতীৰ সুন্দৰ সম্মিলন? এইবাৰ আমাৰ হেমে বেহেস্তত পৰিণত হব। যোধ——চাহজাদা! তুমি প্ৰকৃত চাহজাদা নে, মনুষ্য মূৰ্ত্তিৰে স্বয়ং ছয়তান! এনে নীচ অৰ্ব্বাচীন অনাচাৰী, অস্পৃশ্য পাপী! পাপ লালসাৰ হীন দাসত্বত যাৰ জীৱন বিক্ৰীত, তাৰ হে বসনাত এনে কথা উচ্চাৰিত হয়। চেলিম—দূৰ হু কমীনা ঔৰত! পদাঘাতে দূৰ কৰাৰ পূৰ্ব্বে নিজে ভালে ভালে আঁতৰ। যোধ— ইমান দূৰ! সদান্ধ গব্বিত মোগল! শীঘ্ৰে ইয়াৰ প্ৰতিফল পাবি। চেলিন—যাও ছয়তানী! দূৰ হ—আৰু শুনি যা এই মুহূৰ্ত্ততে নেই পিশাচীক দূৰ কৰি নিদিলে, তোকে| তাইৰ লগতে নিৰ্ব্বাসিত কৰিম। ( প্ৰস্থান ) বোধ — উত্তম—সেয়ে হব, এনে ঘৃণ্য দাসত্বত কৈ নিৰ্ব্বাসনো সহজ গুণে ভাল। ( প্ৰস্থান). তৃতায় দৃশ্য। চেলিমৰ ভিতৰ মহলৰ বাৰান্দা। চেলিম। চেলিন—হায়! কি কৰিলে৷? ন৷ ভাবি, নিশ্চিন্তি, একো বিচাৰ নকৰি কিয় এনে কাম কৰিলে৷? হিন্দুস্থানৰ চাহজাদা মই, ভাৰতৰ ভাবি ভাগ্য দেৱতা, মোৰ এনে অবিচাৰ। ছি! ছি! ছি! কি লাজৰ, কেনে পৰিতাপৰ বিষয়, কেনে ঘৃণাৰ কথা! হায়!