পৃষ্ঠা:গুলেনাৰ.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অঙ্ক। মিছ৷ নকওঁ, মই তেওঁক চিনি নাপাওঁ। কিন্তু এদিন বাতি হঠাং ঘটনাক্ৰমে দেখা পাইছিলোঁ, তাকো স্পষ্ট ৰূপে নহয়, ছঁৰাময়াকৈ, আন্ধাৰ ৰাতি, ঘোপমৰা, ভালকৈ একে দেখা নেযায়। ৯৩ চেলিম—কেনেকৈ দেখিলাঁ? সঁচা কোৱঁ৷, মিছা কলে প্ৰাণ যাব। খঁ৷ চা—আপোনাৰ খাছ বান্দী পিয়াৰাই দেখুৱাইছিল। চেলিন—নকলে৷ কথ৷ মোক ভাঙ্গি কোৱাঁ, একে৷ ভয় নকৰিব৷, সঁচা কলে এনাম পাৰ্ব৷ ৰ্থ৷ চা—আপোনাৰ আগত মিছা কম, মালেক? মোৰ জবানত পোক নালাগিবনে! ( হেদায়তৰ প্ৰবেশ ) চেলিম—কোন তুমি? হেদায়—বান্দাৰ নাম ওমৰাও হেদায়ং আলি, চাহজাদা ছালামত! চেলিম—কি লাগে? ঝাঁ চা—ময়ে লগত লৈ আহিছে৷, হুজুৰ! তেখেত মোৰ প্ৰধান ও একমাত্ৰ সাক্ষী। মই যেনে দুঃসাহসৰ কাম কৰিছিলোঁ, তাত এনে এজন ডাঙ্গৰ মানুহক সাক্ষী নাৰাখিলে যে মোৰ ক্ষুদ্ৰ প্ৰাণৰ ওপৰত ডাঙ্গৰ গজব পৰিবলৈ আছে, তাক মই বঢ়িয়াকৈ বুজিছিলোঁ। চেলিন—বেচ! কি হৈছিল এতিয়া কোৱা। খ৷ চা—মালেক্! আপুনি মেৱাৰ যুদ্ধত থাকোতে এৰাতি পিয়াৰ৷ মোৰ তালৈ গৈ, মোক কলে যে “যোধপুৰী বেগম চাহেবাই তোমাৰ লগত মহলৰ নতুন বান্দী আনাৰক বিয়৷ দিব খুজিছে, আৰু