পৃষ্ঠা:গুলেনাৰ.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ। চেলিম--মাত তোৰ বেগমক। ( পিয়াৰাৰ প্ৰস্থান ) ৱাহ্ কম নহয় তো? মোৰ হুকুম অমান্য কৰে! ইমান স্পৰ্দ্ধ৷! আহক—কোন সাহসে মোৰ হুকুম অমান্য কৰিছা? ( যোধবাইৰ পুনঃ প্ৰবেশ ) বোধ – কি তোমাৰ হুকুম অমান্য কৰিলে৷ চাহজাদ৷? চেলিন—অমান্য কৰ৷ নাই? মই হুকুম দিলে৷ সেই ছয়তানীক মহলৰ পৰা খেদাই দিবলৈ, তুমি মোৰ সেই আদেশ অগ্ৰাহ্য কৰি নিজৰ মহলত থাই দিছা গৈ, কিয় কোন সাহসত? যোধ—অলপ প্ৰকৃতিস্থ হৈ নকলে৷ কথা শুনা, তাৰ পাচতে৷ যি হয় কৰিবাচোন। চেলিম—একে। নুশুনোঁ, মোক কৈফিয়ৎ লাগে, কিন্তু তুমি মোৰ হুকুম অমান্য কৰি তাইক নি নিজৰ মহলত থৈছ৷ গৈ? যোধ–তেনে মোৰ কৈফিয়ৎ, মই তোমাৰ ধৰ্ম্মপত্নী, সহধৰ্মিণী, মই তোমাক অন্যায় অবিচাৰ কৰিবলৈ নিদিওঁ। ঢেলিম—বাহ্! বাহ্ মোৰ ওস্তাদজী! মোক তালিম দিবলৈ আহিছে। কি মোৰ অন্যায় দেখিলা? ষোধ—কিয় খেদাই দিবা? আনাৰ যে নিৰপৰাধিনী- চেলিম—নিৰপৰাধিনী! অকৃতজ্ঞা, প্ৰতাৰণাময়ী, ব্যভিচাৰিণী, চৰিত্ৰ- হীন৷ নাৰী, নিৰপৰাধিনী? ধৰ্ম্মপত্নী মোৰ ইয়কে কবলৈ আহিছা? যোধ—সাৱধান চাহজাদা! সতীৰ মিছা কলঙ্ক ৰটিলে ৰসন৷ দগ্ধ হৈ যাব। চেলিম—সতী! সতী! ঠিক সতী হয়! তোমাৰেই নিচিন৷ সতী!