পৃষ্ঠা:গুলেনাৰ.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অঙ্ক। ৮৯ আনাব—ইয়াতোকৈ আৰু মোৰ কি অমঙ্গল হবলৈ আছে বেগম চাহেব!? মই যে তেওঁক নিজৰ প্ৰাণতকৈ ও বোধ—তেনে সেই মধুৰ পবিত্ৰ প্ৰেমেই তোমাক এতিয়া এই বিপদ সাগৰ পাৰ কৰিব। একো চিন্তা নাই, যুদ্ধ-বিগ্ৰহত লিপ্ত থাকি চাহজাদাৰ মেজাজৰ এতিয়া ঠিক নাই, অলপ শাঁত হলেই লৰি আহি পুনৰ তোমাক বুকুত তুলি লবহি! বান্দী— ( বান্দীৰ প্ৰবেশ ) আনাৰক ধৰ—মোৰ তালৈ লৈ বল। বলা আনাৰ! মোৰ মহললৈ বলা। তেওঁ তোমাক অনাদৰ অযতন কৰিব পাৰে, মই কি তোমাক অযতন কৰিব পাৰে!! মই যে তোমাক বঢ়িয়াকৈ চিনিছোঁ! ( যোধবাই আৰু বান্দীয়ে আনাৰক ধৰি নিয়ে ) ( চেলিমৰ প্ৰবেশ ) চেলিম-বান্দী- পিয়াৰাৰ প্ৰবেশ ) চেলিম—সেই নিখহাৰাম ছয়তানীক মহলৰ বাজ কৰি খেদাই দিলি? পিয়াৰ৷—নাই চাহজাদা ছালামত। চেলিম-- নাই দিয়৷? কিয় নাই দিয়৷? পিয়াৰ৷——গৰীব বান্দী আমি, সেইবোৰ কথাত থাকিলে যে আমাৰ গৰ্দ্দান নাথাকিব হুজুৰ। চেলিম—জাহান্নামলৈ যাক তোৰ গৰ্দ্দান! ছিবা কথা ক, খুন পিম। পিয়াৰ৷—বেগম চাহেবাই আনাৰক নি নিজৰ বিছনাত শুৱাই থৈছে গৈ!